Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
১০৩ বছৰ বয়সত ১৪০০০ ফুট উচ্চতাত স্কাই ড্ৰাইভ ব্লাস্কেৰ
মানহৰ ইচ্ছাশক্তিৰ সন্মূখত বাৰ্ধক্য কেতিয়াও কাৰণ হ’ব নোৱাৰে। প্ৰচণ্ড ইচ্ছা, বিশ্বাস আৰু আশাৰে জীৱনক জয় কৰিব পাৰি। জীৱনৰ উৰ্ধমূখী পথত বয়স কেৱল একো একোটা সংখ্যা। তাকেই প্ৰমাণ কৰিলে ১০৩ বছৰীয়া আলফ্ৰেড এল ব্লাস্কে’। উল্লেখযোগ্য যে নাতিল’ৰা স্নাতক হোৱাৰ মূহুৰ্তত ব্লাস্কে’ ১৪,০০০ ফুট উচ্চতাত ১২০ মাইল প্ৰতিঘন্টা বেগত স্কাই ড্ৰাইভ কৰে। উল্লেখযোগ্য যে প্ৰশিক্ষকৰ সৈতে ১০৩ বছৰ বয়সত ১৪০০০ ফুট উচ্চতাত স্কাই ড্ৰাইভ কৰি ব্লাস্কে’ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে আৰু গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। আনহাতে ব্লাস্কে’ ২০১৭ চনত ১০০ বছৰীয়া ওপজা দিনটো উদযাপন কৰিছিল স্কাই ড্ৰাইভৰ জৰিয়তে। ব্লাস্কে’ৰ এই অভিলেখে সকলোকে উচ্চাহ প্ৰদান কৰিব