
কৰুনাসৃষ্ট পৰিবেশৰ বাবে দীৰ্ঘ দিন ধৰি পবিতৰা অভয়াৰণ্য বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত অহা ১০ নৱেম্বৰ তাৰিখে পুনৰ মুকলি কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ৰেঞ্জাৰ মুকুল তামুলিয়ে এই কথা ঘোষণা কৰিছে। এশিঙীয়া গড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্য মুকলিৰ বাতৰিয়ে সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিছে।