
এন.এন ব্যুৰো, ১১ মাৰ্চঃ সুদীৰ্ঘ ১৮ বছৰৰ মূৰত ১২ মাৰ্চত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। একেদিনাই হ’ব ভোট গণণাও। ইতিমধ্যে এই নিৰ্বাচনৰ বিৰুদ্ধে অপসাৰী সাধাৰন সম্পাদক নব ঠাকুৰীয়াই ন্যায়ালয়ৰ ওচৰ চাপিছিল যদিও ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে।