Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
১ ইঞ্চি ভূমিৰ বাবেও চীনৰ ওচৰত সেও নামানো- ৰাজনাথ সিং
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰবিবাৰে কয় যে চীনৰ সৈতে ভাৰতৰ পূৱ লাডাখৰ সীমা বিবাদ সমাপ্তি কৰিব বিচাৰে । কিন্তু ভাৰতৰ সৈন্য দঢ় প্ৰতিজ্ঞ যে দেশৰ ১ ইঞ্চি ভূমিৰ বাবেও চীনৰ ওচৰত হাৰ নামানে। তেওঁ কয় যে পুনৰ শান্তি প্ৰতিষ্ঠাৰ বাবে সীমা বিবাদ নাশ কৰা খুউব জৰুৰী। যদিও অভাৱনীয় কিছু ঘটনা ঘটি আছে তথাপি তেওঁৰ ভাৰতীয় সেনাৰ ওচৰত পূৰ্ণ বিশ্বাস আছে যে দেশৰ ১ ইঞ্চি ভূমিৰ বাবেও তেওঁলোক চীনৰ ওচৰত হাৰ নামানে। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সাজু কৰাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে।