Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
১ নম্বেম্বৰৰ পৰা কাজিৰঙাত হাতী চাফাৰী পুনৰ আৰম্ভ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনাইছে যে কাজিৰঙাত হাতী চাফাৰী আৰু বাঘ সংৰক্ষণ অহা ১ নৱেম্বৰ ৰবিবাৰৰ পৰা আৰম্ভ হ’ব। কৰুনাৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ থকা ৰাষ্ট্ৰীয় উদ্যানখন ২১ অক্টোবৰত মুকলি কৰা হৈছিল । জীপ চাফাৰীৰে কাজিৰঙা ভ্ৰমণ চলি থকাৰ পিছতে এতিয়া হাতী চাফাৰীও মুকলি কৰা হৈছে। অসমৰ বাহিৰেও আন ৰাজ্যৰ তথা বিদেশৰ পৰ্যটক পুনৰ মুকলিৰ পিছত কাজিৰঙাত দেখা গৈছে বুলি কৰ্তৃপক্ষই ব্যক্ত কৰিছে। ইতিমধ্যে হাতী চাফাৰীয়ে আৰু অধিক পৰ্যটক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।