The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
১ নৱেম্বৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যাগ পুনৰ মুকলি
অসমৰ দৰং জিলাত অৱস্হিত ব্যাঘ্ৰ প্ৰকল্পৰ বাবে বিখ্যাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকৰৰ বাবে পুনৰ মুকলি কৰা হ’ব। কৰুণা ভাইৰাছৰ লকডাউনৰ বাবে দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মঙলবাৰে এই কথা সদৰী কৰে মঙলদৈ সংমণ্ডলৰ জিলা বন বিষয়া গৰাকীয়ে। উল্লেখযোগ্য যে চৰকাৰৰ নিৰ্দেশ অনুসৰি মাৰ্চ মাহতেই বন্ধ কৰা হৈছিল উদ্যানখন। বাঘ সংৰক্ষণৰ উপৰিও ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ সংখ্যাও উল্লেখনীয়। ২০১৮ চনত তথ্য অনুসৰি ইয়াত ১০১টা এশিঙীয়া গঁড়ৰ বিপৰীতে ২১ টা বাঘ আছে। আন বনৰীয়া জীৱ জন্তুৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হাতী, ম’হ, হৰিণ ইত্যাদিও আছে।