Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
২১ অক্টোবৰৰ মুকলি হ’ব কাজিৰঙা
সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অহা ২১ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিব।
২১ অক্টোবৰৰ দিনৰ ১১ বজাত উদ্যানৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে৷ক’ভিডৰ বাবেই যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল উদ্যানখন।জানিব পৰা মতে,প্ৰথম অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।
উল্লেখযোগ্য যে,ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পৰ্যটকৰ বাহনসমূহ প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰা হ’ব৷আনহাতে,উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব৷