A man allegedly killed his 23-year-old pregnant wife over dowry at Hajo on the outskirts…
৫০বছৰে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থকা এজন প্ৰখ্যাত শিল্পী
এন.এন ব্যুৰো, ৩ মাৰ্চঃ অসমৰ অন্যতম প্ৰাচীন কলা-সংস্কৃতিৰ এক হ’ল পুতলা নাচ। শংকৰদেৱৰ লেখনিতো এই পুতলা নাচৰ বিষয়ে পোৱা যায়। বৰ্তমান যান্ত্রিকতাৰ ধামখুমিয়াত ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হোৱা এই পুতলা নাচক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা নগাঁও জিলাৰ ভেৰভেৰী গাঁৱৰ উপেন শৰ্মা নামৰ এজন অশিতিপৰ বৃদ্ধৰ। উল্লেখ্য যে শৰ্মাই প্ৰায় ৩০ বছৰ বয়সৰ পৰাই পুতলা থিয়েটাৰৰ সৈতে জড়িত হৈ আছে। ৫০ বছৰে অসমৰ বিভিন্ন প্ৰান্তত পুতলা থিয়েটাৰত কেইবাখনো নাটকত পুতলা নছোৱাই অঞ্চলবাসিলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিজৰ পৰিয়ালও পোহপাল দিছে শৰ্মাই। যিটো সময়ত চৰকাৰে শিল্পী সকলক পেঞ্চন দিয়াৰ কথা কোৱাৰ লগতে শিল্পী সকলৰ আঁচনিৰ কথা কয় তেনে সময়তে আজি ৫০বছৰে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে এই জন প্ৰখ্যাত শিল্পী। যদিও শিল্পী গৰাকী আৰ্থিকভাৱে দুৰ্বল তথাপিও নিজৰ টকা খৰচ কৰি হ’লেও যতনেৰে ৰাখিছে এই পুতলা সমূহ। শিল্পী গৰাকীয়ে এই সংস্কৃতিক জীয়াই ৰাখিবৰ বাবে চৰকাৰক সহায়ৰ আহ্বান জনায়।