Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
৬ বছৰে সংসদত কিমান ভাষণ দিলে মোদীয়ে
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত নিজৰ মন্তব্য প্ৰকাশ কৰাতকৈ মন কি বাট আদিৰ দৰে অনুষ্ঠানৰ জৰিয়তে মুকলিকৈ জনসাধাৰণৰ সন্মুখত নিজৰ মন্তব্য ৰখাৰ কথাটোত অধিক বিশ্বাস কৰে।
২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই প্ৰথম বাৰৰ বাবে সংসদ ভৱনলৈ যাওঁতে সংসদ ভৱনৰ চিৰিত মূৰ দোৱাই ‘গণতন্ত্ৰৰ মন্দিৰ’ৰ প্ৰতি নিজৰ আস্থা প্ৰকাশ কৰিছিল। কিন্তু বৰ্তমান সময়ত কিছু তথ্যলৈ লক্ষ্য কৰিলে, সংসদ ভৱনৰ চিৰিত মূৰ দোৱাই ‘গণতন্ত্ৰৰ মন্দিৰ’ৰ প্ৰতি নিজৰ আস্থা প্ৰকাশ কৰাৰ কথাটো এটা নাটক যেনেই লাগিব। বৰ্তমানলৈকে নৰেন্দ্ৰ মোদীৰ তুলনাত আন কোনো এজন প্ৰধানমন্ত্ৰী সংসদক ইমান উপেক্ষা কৰা নাই।
যোৱা ৬ বছৰৰ কাৰ্য্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে কেৱল ২২ বাৰ সংসদত নিজৰ বক্তব্য ৰাখে। এইচ ডি দেৱগোড়া যদিও দুবছৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল কিন্তু তেখেতেও নৰেন্দ্ৰ মোদীতকৈ অধিক বাৰ সংসদক সম্বোধন কৰিছিল। ইয়াৰ উপৰিও অটল বিহাৰী বাজপেয়ীয়ে ৬ বছৰত ৭৭ বাৰ, মনমোহন সিঙে ১০ বছৰত ৪৮ বাৰ সংসদত সম্বোধন কৰিছিল।
বহু লোকে কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত নিজৰ মন্তব্য প্ৰকাশ কৰাতকৈ মন কি বাট আদিৰ দৰে অনুষ্ঠানৰ জৰিয়তে মুকলিকৈ জনসাধাৰণৰ সন্মুখত নিজৰ মন্তব্য ৰখাৰ কথাটোত অধিক বিশ্বাস কৰে কাৰণ সেই অনুষ্ঠানত একপক্ষীয় ভাৱে প্ৰধানমন্ত্ৰীয়ে কথাবোৰ উপস্থাপন কৰিব পাৰে আৰু সেই অনুষ্ঠানত কোনো লোকে প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে।