Oscar winning Hollywood actor and a vocal environmentalist Leonardo DiCaprio has praised the Assam Government…
৭২ টা বসন্ত গৰকিলে ‘ড্ৰীম গাৰ্ল’ এ
বলিউদৰ যশস্ৰী অভিনেত্ৰী হেমা মালিনীয়ে শুকুৰবাৰে উলহ মালহেৰে ৭২ সংখ্যক ওপজা দিন উদযাপন কৰে। ১৯৪৮ চনত মাদ্ৰাজত জন্মগ্ৰহণ কৰা হেমা মালিনী একেধাৰে অভিনেত্ৰী,পৰিচালক,প্ৰযোজক,নৃত্যশিল্পী, লেখিকা তথা ৰাজনীতিবিদ । স্বামী ধৰ্মেন্দ্ৰৰ সৈতে তেওঁৰ প্ৰথম ছবি আছিল ১৯৭০ চনত মুক্তি লাভ কৰা Tum Haseen Main Jawaan। অভিনয়ৰ উপৰিও তেওঁ ভাৰতনাট্যমৰ নৃত্য শিল্পী। ২০০০ চনত তেওঁক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী।
২০০৪ চনৰ ফেব্ৰুবাৰি মাহত হেমা মালিনীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰে। ২০০৩ চনত সাংসদ হোৱাৰ উপৰিও ২০১০ চনত হেমা মালিনী বিজেপিৰ সাধাৰণ সম্পাদিকা হিচাপে নিযুক্ত হয়।