skip to Main Content

ৰঙা চীনক ৰঙা চকু অমিত শ্বাহৰ

চীনে ভাৰতৰ এক ইঞ্চিও মাটি দখল কৰিব নোৱাৰে। চীনা আগ্ৰাসনক লৈ গৃহ মন্ত্ৰী অমিত শ্বাহে কয়- ভাৰতৰ এক ইঞ্চি ভূমি ৰক্ষাৰ কৰাৰ ক্ষেত্ৰতো চৰকাৰে সতৰ্ক দৃষ্টি ৰাখিছে। আমি নিশ্চিতভাৱে ক’ব পাৰো যে ভাৰতৰ মাটিত কোনো বহিঃশত্ৰুৱে প্ৰৱেশ কৰিব নোৱাৰে। দুদিন পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে চীনা সেনাবাহিনীক যুদ্ধৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ নিৰ্দেশ দিছিল। চীনা ৰাষ্ট্ৰপতিগৰাকীয়ে সেনাবাহিনীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়াৰ পিছতেই ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিক্ৰিয়া লক্ষণীয়। ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ শক্তি আৰু দক্ষতাৰ প্ৰসংগ উল্লেখ কৰি গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিপক্ষ চীনৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ লাডাখত ভাৰতীয় সেনা সষ্টম হৈ আছে। উল্লেখ্য যে বিগত কেইবামাহে চীন আৰু ভাৰতৰ মাজত সম্পৰ্ক অধিক অৱনতিৰ দিশলৈ গৈছে। লাডাখ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণৰেখা উলংঘা কৰিছে চীনে। চীনা সেনাৰ অতৰ্কিত আক্ৰমণত কেইবাগৰাকীও ভাৰতীয় জোৱান শ্বহীদ হৈছে। শেহতীয়াভাৱে পুনৰ সেনাবাহিনীক যুদ্ধৰ বাবে প্ৰস্তুত হৈ থাকিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি জিনপিঙে। তাৰ পিছতে ভাৰতীয় গৃহ মন্ত্ৰীগৰাকীয়ে এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে

Back To Top