Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ৰঙিয়াত কৃষান মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা৷
নতুন প্ৰজন্মক কৃষি ক্ষেত্ৰত আত্মনিয়োগ কৰাৰ আহ্বানেৰে আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙীয়াত অনুস্থিত হৈছে অসম প্ৰদেশ বিজেপি কৃষান মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা৷সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কৃষক সকলোৰ বাবে লোৱা আচনি সমুহৰ সুফল যাতে প্ৰতিজন কৃষকে লাভ কৰে তাৰ বাবে কৃষান মৰ্চাৰ কাৰ্যকৰ্তা সকলোক লক্ষ্য ৰাখিবলৈ আহ্বান জনাই৷লগতে আজিৰ সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী ভৱেশ কলিতা ৷আনহাতে কাইলৈৰ দ্বিতীয়দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷