skip to Main Content

ৰহস্যজনক অগ্নিকাণ্ড গুৱাহাটী প্ৰেছ ক্লাবতঃ নৱ ঠাকুৰীয়া ‘অদৃশ্য’

এন.এন ব্যুৰো ২ মাৰ্চঃ গুৱাহাটী প্ৰেছ ক্লাবৰ বহুচৰ্চিত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত দেওবাৰে প্ৰেছক্লাবৰ চৌহদত সংঘটিত হয় এক ৰহস্যজনক অগ্নিকাণ্ড।এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হয় প্ৰেছ ক্লাব চৌহদত। অগ্নিকাণ্ডটোৰ ফলত জুইত জাহ যায় ক্লাবৰ একাংশ পুৰণি নথি পত্ৰ। ইতিমধ্যে প্ৰেছ ক্লাবৰ বৰ্তমানৰ সাধাৰণ সম্পাদক নৱ ঠাকুৰীয়াৰ বিৰুদ্ধে নথিসমুহ জলাই দিয়াৰ অভযোগ উত্থাপিত হৈছে; আৰু লতাশিল আৰক্ষী চকীত তেওঁৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত নৱ ঠাকুৰীয়াৰ মন্তব্য জানিব বিছৰা হৈছিল যদিও তেওঁ বৰ্তমান উপলদ্ধ নহয়।

Back To Top