Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
ৰাজমাতাৰ পদাংক অনুসৰণ নাতিৰঃ বিজেপিত যোগদান জ্যোতিৰাদিত্য সিন্ধিয়াৰ
এন.এন ব্যুৰো, ১১ মাৰ্চঃ কংগ্ৰেছ এৰি বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে প্ৰয়াত বিজেপি নেত্ৰী বিজয়ৰাজে সিন্ধিয়াৰ নাতি, মধ্যপ্ৰদেশৰ মহাৰাজা খ্যাত জ্যোতিৰাদিত্য সিন্ধিয়াই। ১৮ বছৰে কংগ্ৰেছত থকা জ্যোতিৰাদিত্যই বিজেপিত যোগদান কৰাৰ পাচতেই এতিয়া মধ্যপ্ৰদেশ চৰকাৰৰ বাবে নামি আহিছে দুৰ্যোগ। মঙলবাৰে ভাৰতীয় ৰাজনীতিত চমক সৃষ্টি কৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল জ্যোতিৰাদিত্য সিন্ধিয়াই আৰু বুধবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত। বিজেপিত যোগদান কৰিয়েই যুৱনেতাগৰাকীয়ে কিয় কংগ্ৰেছ ত্যাগ কৰিলে সেই সম্বন্ধেও এক বক্তব্য দাঙি ধৰে। সিন্ধিয়াৰ মতে বাস্তৱক আওকাণ কৰি জড়তাৰে পৰিচালিত দলটোত নাই কোনো নতুনত্ব। নতুন প্ৰজন্মক মান্যতা দিয়াৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা গ্ৰহণ নকৰে কংগ্ৰেছ দলে। কংগ্ৰেছ নেতৃত্বাধীন কমলনাথ চৰকাৰৰ বিৰুদ্ধে বিক্ষুব্ধ হৈ নতুনকৈ গেৰুৱা বসন পিন্ধা জ্যোতিৰাদিত্যই কয় যে ২০১৮ চনত মধ্যপ্ৰদেশত যি স্বপ্ন লৈ কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিছিল সেই স্বপ্ন মাত্ৰ ১৮ মাহতে ভাগি গৈছে। মাত্ৰ দহদিনৰ ভিতৰতে কৃষকসকলৰ ঋণ পৰিশোধ কৰাৰ যি প্ৰতিশ্ৰুতি সেইয়া ১৮ মাহেও সম্পন্ন নহ’ল বুলি ক্ষোভ উজাৰে সিন্ধিয়াই। ইফালে বিজেপিত যোগদান কৰাৰ দিনটোতে মোডী বন্দনাত মুখৰ হৈ জ্যোতিৰাদিত্যই ক’লে, নৰেন্দ্ৰ মোডীৰ হাততেই সুৰক্ষিত ভাৰতৰ ভৱিষ্যত।