In a tragic incident a student of class 11 was killed in a hit-and-run accident…
ৰাজ্যবাসীলৈ নতুনকৈ ৩ খন টোলগে’ট।
কৰ সংগ্রহৰ নামত সৰ্বসাধাৰণ ৰাইজক চৰকাৰৰ মাধমাৰ।ৰাইজৰ বিৰোধিতাকো নেওচি অচিৰেই বগীবিল,লখিমপুৰৰ পথালিপাহাৰ আৰু গোলাঘাটৰ ৰঙাজানত তিনিখনকৈ টোলগে’ট মুকলি কৰাৰ বাবে চৰকাৰে যো-জা চলাইছে।
জানিব পৰা মতে,শীঘ্রেই এই তিনিওখন টোলগে’ট মুকলি হ’ব৷আনহাতে,উজনিলৈ ফ’ৰলেন পথ নির্মাণৰ কাম আগবঢ়াৰ লগে লগেই দেৰগাঁও আৰু জাঁজি-ডিমৌৰ মাজত দুখনকৈ টোলগে’ট স্থাপন কৰা হ’ব৷একেদৰে সম্প্রতি বন্ধ হৈ থকা কলিয়াভোমোৰা দলঙৰ সমীপৰ টোলগে’টখনো পুনৰ মুকলি কৰা হ’ব৷
বিশেষকৈ ৰাইজৰ নির্লিপ্ততাৰ সুবিধা লৈ লখিমপুৰ জিলাৰ পঠালিপাহাৰত মুকলি কৰিব লগীয়া টোলগে’টখনৰ নির্মাণৰ কাম ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে৷চলিত বর্ষৰে পৰাই আৰম্ভ হ’ব এই টোলগে’টখন৷উল্লেখযোগ্য যে,টোলগে’ট স্থাপন হোৱাৰ লগে লগেই সৰু-বৰ সকলো গাড়ীয়েই কৰ দিব লাগিব৷ যাৰ ফলত ৰাইজৰ মূৰত পুনৰ এক মাধমাৰ পৰিব৷