skip to Main Content

ৰাজ্যসভাৰ নিৰ্বাচন আৰু ৩য় আসনৰ নিমিলা অংকঃ দৃশ্যপটত হঠাৎ আবিৰ্ভাৱ অতনু ভূঞাৰ

এন.এন ব্যুৰো, ১২ মাৰ্চঃ আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো তৎপৰ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে দিছপুৰৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে সাংবাদিক অতনু ভূঞাই। উল্লেখ্য যে, ৰাজ্যসভাৰ প্ৰথম দুখন আসনত বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থী আগবঢ়োৱাৰ লগতে বুধবাৰে তৃতীয়খন আসনৰ বাবে কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফে উমৈহতীয়াভাৱে ঘোষণা কৰে সাংবাদিক অজিত কুমাৰ ভূঞাৰ নাম। অজিত ভূঞাৰ নাম ঘোষণা হোৱাৰ পাচতেই সাংবাদিক অতনু ভূঞাই মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰা বিষয়টোৱে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত। উল্লেখ্য যে ৩য় খন আসনৰ বাবে অতনু ভূঞা বিজেপিৰ ছদ্মবেশী প্ৰাৰ্থী হব পাৰে বুলি বিভিন্ন মহলত চৰ্চা চলি আছে যদিও দলৰ এক নিৰ্ভৰযোগ্য সূত্ৰই এই অৱধাৰণাক পোনচাতেই নস্যাত কৰিছে। সূত্ৰটোৰ মতে ৩য়খন আসনক লৈও বিজেপি শিবিৰ আশাবাদী আৰু সেয়ে এইখন আসনৰ বাবেও দলে এজন ছিৰিয়াছ প্ৰাৰ্থীক থিয় কৰোৱাৰ সম্ভাৱনাই অধিক। বিজেপিৰ হিচাপ-নিকাচ অনুসৰি অজিত ভূঞাৰ অতিজাতীয়তাবাদী চৰিত্ৰৰ বাবে কংগ্ৰেছৰ কমলাক্ষ দে পুৰকায়স্থৰ নিচিনা বিধায়কে তেওঁৰ সপক্ষে ভোটদান নকৰিবও পাৰে। একেদৰে পিতৃ হিতেশ্বৰ শইকীয়াক অজিত ভূঞাই কৰা অপমানৰ কথা মনত পেলাই ভূঞাৰ বিৰুদ্ধে স্থিতি গ্ৰহন কৰিব পাৰে দেবব্ৰত শইকীয়াইও। এনে অৱস্থাত ৩য় খন আসনতো বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

Back To Top