The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
ৰাজ্যসভাৰ সাংসদ ৰূপে শপতগ্ৰহণ অসম সন্তান ৰঞ্জন গগৈৰ
এন.এন ব্যুৰো, ১৯ মাৰ্চঃ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়াৰ মাজতে আজি পুৱা ১১ বজাত সাংসদৰূপে শপতগ্ৰহণ কৰে অসম সন্তান ৰঞ্জন গগৈয়ে। উল্লেখ্য যে ৰাজ্যসভাৰ এগৰাকী মনোনীত সদস্যই অৱসৰ গ্রহণ কৰাৰ বাবে সেই খালী ঠাই পূৰণ কৰিবলৈ ৰাষ্ট্রপতিয়ে মুখ্য ন্যায়াধীশ গৰাকীক ৰাজ্যসভালৈ মনোনীত কৰি সন্তুষ্টি প্ৰকাশ কৰিছিল৷ আইনক পেছা হিচাপে লোৱা ৰঞ্জন গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে প্ৰথমে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। পিছত দেশৰ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে সেৱা আগবঢ়াই অসমবাসীক গৌৰৱান্বিত কৰি তোলে।