The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
ৰাজ্যিক চৰকাৰৰ সকলো বিভাগতে আছে নিযুক্তি কেলেংকাৰী
ৰাজ্যসভাৰ বিৰোধী দলপতি দেব্ৰবত শইকীয়াই কয় যে ৰাজ্য চৰকাৰৰ নিযুক্তি কেলেংকাৰী আৰু অসমৰ্থতা এতিয়া পোহৰলৈ আহিছে। শইকীয়াই লগতে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ বহুতো নেতা তথা মন্ত্ৰীয়ে এতিয়া চাকৰি ছিন্ডিকেটৰ সৃষ্টি কৰিছে। বিজেপিৰ কিছু সংখ্যক দালালে এই ছিন্ডিকেট সমূহ চলাই আছে আৰু ধনৰ বিনিময়ত এইসকল লোকৰ পৰা সহজে চাকৰি লাভ কৰিব পৰা যায়। শইকীয়াই উল্লেখ কৰে যে SI কেলেংকাৰী ইয়াৰ এটা মাত্ৰ উদাহৰণহে। আৰু ইয়াৰ অনুসন্ধানত বহুতো বিজেপি নেতাৰ লগতে আৰক্ষী বিভাগো জড়িত থকাৰ কথা পোহৰলৈ আহিছে। যদিও কেইগৰাকীমান আটক হৈছে এতিয়াও বহুতো বিজেপিৰ উচ্চ নেতা জড়িত হৈ আছে। তেওঁ কয় যে SI কেলেংকাৰীৰ দৰে এতিয়াও বহুতো বিভাগ আছে য’ত এতিয়ালৈ অনুসন্ধান হোৱা নাই। দেৱপ্ৰসাদ শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ঘটনাৰ উচিত তদন্ত কৰিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায়।