In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলন ২০২০
এন.এন ব্যুৰো ৮ মাৰ্চঃ আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত অসম বাৰ্তাজীৱী সংঘ আৰু সদৌ অসম সংবাদকৰ্মী সন্হাৰ উদ্যেগত ৰাজ্যিক সাংবাদিক-সংবাদকৰ্মী সন্মিলনী সভাৰ আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্হিত থাকে শ্ৰম বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান। লগতে উপস্হিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ। এই সভাখনত অসম বাৰ্তাজীৱী সংঘ আৰু সদৌ অসম সংবাদকৰ্মী সন্হাই চৰকাৰৰ ওচৰত কিছু দাবী উত্থাপন কৰে। দাবী সমুহ- মুলত সাংবাদিক পেঞ্চন আচনিত সকলো সংবাদকৰ্মীক অন্তৰ্ভুক্ত কৰন; সকলো প্ৰতিষ্ঠানত ন্যায়াধীশ মাঝিথিয়া দৰমহা বৰ্ডৰ পৰামৰ্শৱলী ৰূপায়ন; সাংবাদিক চিকিত্সা কল্যান আঁচনিত সকলো সংবাদকৰ্মীক অন্তৰ্ভুক্তকৰন আৰু সংবাদমাধ্যমত ষ্টেণ্ডিং অৰ্ডাৰ বাধ্যতামুলক কৰাৰ দাবী।