The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
ৰাজ্য চৰকাৰক দাবী ভুমি অধিকাৰ সংগ্ৰাম সমিতিৰ
এন.এন ব্যুৰো ৩ মাৰ্চঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীনজ্যোতি কলিতাই এক সংবাদমেল আয়োজন কৰি ৰাজ্য চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এই চৰকাৰ খিলঞ্জীয়াৰ বিৰোধী। উক্ত সভাত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা ভূমি নীতি ২০১৯ আৰু ভূমিধৰ বৰ্মনৰ কমিটিয়ে প্ৰস্তুত কৰা ভূমি নীতিৰ আধাৰত নতুন ভূমি নীতি প্ৰস্তুত কৰি কৃষকক ১০ বিঘাকৈ মাটিৰ পট্টা দিয়াৰ ব্যৱস্হা গ্ৰহন কৰি, চৰকাৰ খিলঞ্জীয়া কৃষকৰ যে বিৰোধী নহয়, তাৰ প্ৰমান দাঙি ধৰিবলৈ দাবী জনায়। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বাৰে বাৰে সংবাদমাধ্যমক খিলঞ্জীয়াক মাটিৰ অধিকাৰ দিয়াৰ কথা কৈ মানুহক বিভ্ৰান্ত নকৰিবলৈ অনুৰোধ জনায় ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে। উল্লেখযোগ্য যে, কা বিৰোধীতাৰ বাবে বন্দী কৰি ৰখা প্ৰতিবাদী সকলক বিনা চৰ্তে মুক্ত কৰি দিয়াৰ দাবীত অহা ১২ মাৰ্চত দিশপুৰ লাষ্টগেটত গণ ধৰ্ণা কাৰ্য্যসুচী গ্ৰহন কৰিব বুলিও জানিবলৈ দিয়ে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যেতি কলিতাই।