The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
ৰাজ্য চৰকাৰৰ চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে
এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ পাছত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অভিযোগৰ পৰা মুক্ত হৈ স্বচ্ছ ভাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে।ইয়াৰ বাবে অসমৰ ৪খন বিশ্ববিদ্যালয়ক দায়িত্ব প্ৰদান কৰা হৈছে।
কোন বিশ্ববিদ্যালয়ৰ হাতত কি কি বিভাগৰ দায়িত্ব?
১) ডিব্ৰুগড় বিশ্ববিদ্যালয়: আৰক্ষী,হোম গাৰ্ড,কাৰাগাৰ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা।
২)গুৱাহাটী বিশ্ববিদ্যালয়: উদ্যোগ আৰু বাণিজ্য,দক্ষতা বিকাশ,পৰিবহণ,আবকাৰী,বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা।
৩)শিলচৰস্থিত অসম বিশ্ববিদ্যালয়: সমাজ কল্যাণ আৰু ছয়ল কনজাৰ্ভেশ্যনৰ নিযুক্তি পৰীক্ষা।
৪)তেজপুৰ বিশ্ববিদ্যালয়: জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা।