
নিৰ্বাচনী ব্যস্ততাৰ মাজতে বিশ্বত প্ৰথমবাৰৰ বাবে আমেৰিকাত সৰ্বাধিক সংক্ৰমণ । এদিনত সংক্ৰমণ ১ লাখৰো অধিক। ইয়াৰ পূৰ্বে কোনো দেশতে এদিনত ইমান সংখ্যক আক্ৰান্ত হোৱা নাই। মঙলবাৰে আমেৰিকাত ১,১৩০ জন লোকৰ মৃত্যু হয়। মঙলবাৰে ভোটকেন্দ্ৰত লাখ লাখ লোকে ভোটদান সাব্যস্ত কৰে। সৰহ সংখ্যকে পোষ্টেল বেলটৰ সহায় লয়।