Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ভাৰতত ভয় লগা ছবি
চলিত মাহত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে বিশ্ববাসী। বানত বিধ্বস্ত হৈছে চীন। বিশ্বৰ বান বিধ্বস্ত দেশ হিচাপে চীনৰ পিছতেই স্থান লাভ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ বিশ্বই বিগত দুটা দশকৰ ভিতৰত ৭,৩৪৮টা বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে। এই প্ৰাকৃতিক বিপৰ্যয়ত বিভিন্ন ৰাষ্ট্ৰৰ ১২.৩ লাখ মানুহে প্ৰাণ হেৰুৱাইছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ভিতৰত চীনৰ পিছতে সবাতোকৈ বানপীড়িত দেশ ভাৰত। বিগত দুটা দশকত প্ৰতি বছৰে ভাৰতে গড় হিচাপত ১৭বাৰকৈ বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে।