আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ…
ৰাহুল গান্ধীক কটাক্ষ প্ৰকাশ জাভেড়কাৰৰ
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই গৈছে শাসক বিজেপি-জেডিইউ আৰু বিৰোধী আৰজেডি-কংগ্ৰেছে৷ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীয়ে শুকুৰবাৰে বিহাৰ নিৰ্বাচীন প্ৰচাৰ সভাত অংশ লৈ শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণ কৰিছিল৷ চীনে ভাৰতৰ ১২০০ কিলো মিটাৰ ভিতৰলৈ সোমাই অহাৰ লগতে প্ৰবাসী শ্ৰমিকে পলায়ন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহায় নকৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ তাৰ পিছতে প্ৰত্যাক্ৰমণ কৰিছে বিজেপিয়ে৷ বিজেপি নেতা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেড়কাৰে প্ৰত্যাক্ৰমণ কৰি পঞ্জাৱৰ হুছিয়াৰপুৰ জিলাত ৬ বছৰীয়া দলিত কন্যাৰ ধৰ্ষণ কাণ্ডৰ কথা সোঁৱৰাই দিয়ে ৰাহুল গান্ধীক৷ পঞ্জাৱৰ হুছিয়াৰপুৰ জিলাত ৬ বছৰীয়া দলিত কন্যাৰ ধৰ্ষণ কাণ্ডৰ ঘটনাক লৈ কংগ্ৰেছক ঘেৰি বিজেপি নেতা কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেড়কাৰে এই ঘটনা ভয়াবহ বুলি কয়৷ ৰাজনৈতিক সমাবেশত অংশ লোৱাৰ পৰিবৰ্তে পঞ্জাৱৰ নিৰ্যাতিত পৰিলায়ক সাক্ষাৎ কৰিব লাগে বুলি কয় প্ৰকাশ জাবেড়কাৰে৷ উল্লেখ্য যে, বিজেপি শাসিত উত্তৰ প্ৰদেশৰ হাথৰসৰ দলিত যুৱতী হত্যাকাণ্ডৰ সময়ত পীড়িত পৰিয়ালক সক্ষাৎ কৰিবলৈ উঠি-পৰি লাগিছিল ৰাহুৰ গান্ধী৷ কিন্তু কংগ্ৰেছ শাসিত পঞ্জাৱৰ হুছিয়াৰপুৰ ধৰ্ষণকাণ্ডৰ বলি পৰিয়ালৰ খবৰ নোলোৱাৰ লগতে ৰাহুল গান্ধীয়ে এই পৰ্যন্ত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি বিহাৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাত বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে৷