Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ৰাৱণৰ নহয়,দপ দপকৈ জ্বলিল নৰেন্দ্ৰ মোদী
কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে দেশৰ কৃষক সমাজ। বিশেষকৈ পঞ্জাব, হাৰিয়ানা, হিমাচলপ্ৰদেশ আদি ৰাজ্যৰ কৃষকসকলে কোনোপধ্যেই মানি লোৱা নাই কৃষকৰ স্বাৰ্থবিৰোধী এই আইন। বিজয়াদশমীত পঞ্জাবত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষকসকলে। ৰাৱনৰ পুত্তলিকাত নৰেন্দ্ৰ মোদীৰ মুখাৱয়বৰ ফটো লগাই ভস্মীভূত কৰিলে পুত্তলিকা। বিজেপিয়ে কংগ্ৰেছৰ ষড়যন্ত্ৰত বিজয়া দশমীৰ দিনা এই কাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মতে পঞ্জাবত যি হৈ আছে, সেয়া ৰাহুল গান্ধীৰ নিৰ্দেশত হোৱা বুলি গুৰুতৰ অভিযোগ কৰে। বিজেপি নেতাগৰাকীৰ মতে এনেধৰণৰ ঘটনা লজ্জাজনক, কিন্তু অনাকাংক্ষিত নহয়। আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত নিজৰ টুইটাৰ একাউণ্টত কৈছে যে পঞ্জাবত যি ঘটনা হৈ গ’ল, সেয়া দুখঃজনক। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি দেশৰ কৃষকৰ ক্ষোভ বৃদ্ধি পাইছে। এয়া দেশৰ বাবে ভাল কথা নহয়। প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ ওচৰলৈ যোৱা উচিত। তেওঁলোকৰ মনৰ কথা শুনা উচিত আৰু বেদনা উপশমৰ পদক্ষেপ লোৱা উচিত।