Assam man beheaded a 55-year-old and then, walked for 25 km in the dead of…
ৰিয়া চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীক শেহতীয়াকৈ ড্ৰাগছ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও সম্পূৰ্ণ ২৯ দিন কাৰাগাৰত থকাৰ পিছত আজি বোম্বে’ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে ৰিয়াৰ জামিন আবেদন। আনহাতে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তীও ড্ৰাগছ কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল যদিও সৌৱিক চক্ৰৱৰ্তীৰ জামিন আবেদন নাকচ কৰিছে বোম্বে’ উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে ন্যায়ালয়ে ৰিয়ালৈ প্ৰদান কৰিছে ৯ টা চৰ্ত-
* পাছপৰ্ট জমা
* ১০ দিনৰ বাবে প্ৰতিদিনে মুম্বাই পুলিচক সাক্ষাৎ
* ১ লাখ টকাৰ জৰিমনা
* বিদেশ ভ্ৰমণ বাতিল
* সাক্ষীৰ সৈতে যোগাযোগ বন্ধ
* মুম্বাইৰ বাহিৰে আন ঠাইলৈ ভ্ৰমণ কৰিলে অনুসন্ধান শাখাক অৱগত
* ছয় মাহৰ বাবে, প্ৰতি মাহৰ প্ৰথম সোমবাৰে অনুসন্ধান শাখাত সাক্ষাৎ
* আদালতৰ নিৰ্দেশ মতে আদালতত হাজিৰ
* অভিযোগত জড়িত সাক্ষ্য প্ৰমাণক প্ৰভান্বিত কৰিব নোৱাৰিব