skip to Main Content

গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোনাপুৰৰ বাৰোৱাৰীত জব্দ গৰু ভৰ্তি ট্ৰাক

মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ বাৰোৱাৰীত জব্দ হয় ২৫ টাকৈ গৰু ভৰ্তি এখন ১২ চকীয়া ট্ৰাক।

গোগামুখৰ পৰা যোৰাবাট অভিমুখে গৈ থকা অৱস্থাত এক গোপন সূত্ৰৰ পম খেদি ক্ষেত্ৰী আৰু সোণাপুৰ আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে এন এল ০১ এ এ ৩৪৫১ নম্বৰৰ ট্ৰাকখন।

ট্ৰাকখনৰ চালকসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আটকাধীন যুৱক কেইজন ক্ৰমে নগাঁও ৰূপহীৰ চহীবুৰ ৰহমান, লখিমপুৰ পাৰঘাটৰ টুনমুন দাস, আৰু লখিমপুৰ বগীনদীৰ বাবুল দাস বুলি জানিব পৰা গৈছে।

সোণাপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক প্ৰাৰম্ভিক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Back To Top