skip to Main Content

ডিজিটেল অসম সাহিত্য সভা

  • Assam


এতিয়াৰে পৰা ইণ্টাৰনেটত উপলব্ধ হ’‍‍ব অসম সাহিত্য সভাৰ বিভিন্ন বা–বাতৰি। দেওবাৰে অসম সাহিত্য সভা ভৱনত মুকলি কৰা হ’ল ডিজিটেল প্লেটফৰ্ম।আপুৰুগীয়া গ্ৰন্থ, মূল্যৱান আলোচনা উপলব্ধ হ’ব ৱেবছাইটযোগে । সাধুকথা, নানা বিভিন্ন গ্ৰন্থও ডিজিটেল কৰাৰো পদক্ষেপ ।এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয় । সাহিত্য সভাৰ বা-বাতৰি, পুতলা নাচ আদি উপলব্ধ হ’ব ইউটিউব চেনেলত । এই অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে য়াদব, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, জাৰিৰ হুছেইন লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।

Back To Top