skip to Main Content

তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত প্ৰথমখন সংবাদমেল ৰিপুন বৰাৰ


মা, মাটি আৰু মানুহ শ্ল’গানেৰে প্ৰথমখন সংবাদমেল ৰিপুণ বৰাৰ।
মা শব্দৰে নিজৰ ৰাজ্যখনক সম্বোধন।
মাটি শব্দৰে ৰাজ্যখনৰ মাটিখিনিক বুজাইছে।
মানুহ শব্দৰে ৰাজ্যখনৰ সকলোধৰণৰ অধিকাৰ সুৰক্ষিত কৰাক সূচাইছে৷
আগন্তুক সকলো কাৰ্যক্ৰমণিকা এই তিনিটা শ্ল’গানৰ ভিত্তিতে অনুষ্ঠিত হ’ব।
মূল্যবৃদ্ধিকলৈ সংবাদমেল সম্বোধন ৰিপুণ বৰাৰ৷
মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যয় বাঢ়িছে৷
বৰ্তমান দেশত এনে বস্তু নাই যাৰ দাম বঢ়া নাই।
ৰিজাৰ্ভ বেংকৰ সমীক্ষা মতে যোৱা ১৭ মাহত ৬. ৯৫ শতাংশ খূচুৰা মূল্য বাঢ়িছে৷
স্বাধীনতাৰ পাচত এয়া সৰ্বাধিক।
আমাৰ সকলোৰে ক্ৰয় ক্ষমতা আৰু বজাৰত টকাৰ প্ৰচলন হ্ৰাস হৈছে৷
নিৰ্বাচন হৈ যোৱা ৫ খন ৰাজ্যত এমাহত ১৮ বাৰকৈ পেট্ৰল ডিজেলৰ দাম বাঢ়িছে৷
ভেট টেক্স নকমাৰ বাবে দাম বৃদ্ধি হৈছে৷
২০২২ত নতুনকৈ ১ লাখ ২৫ হাজাৰ কোটি টকাৰ টেক্স অতিৰিক্ত ভাবে আমাৰ ওপৰত জাপি দিছে৷
পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি কৰি ২০হাজাৰ ১৩৮ কোটি টকা আৰু ডিজেলৰ পৰা ৫২ হাজাৰ ৩৫৩ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে৷
টোল টেক্সৰ জড়িয়তে ২০২১-২২ত চৰকাৰে ২৮ হাজাৰ ৪৫৮ কোটি টকা সংগ্ৰহ কৰিছিল৷
এতিয়া ১৮% টোল টেক্স বৃদ্ধি কৰি ৩৯ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে৷
জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰি অতিৰিক্ত ১০ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে৷
দৰিদ্ৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো ৰেহাই দিয়া নাই চৰকাৰে
হাউচিং ল’ন লোৱা সকলে অতিৰিক্তভাবে ইনকামটেক্স দিব লাগিব ।
আমি ৰাতিপুৱা গুডমৰনিং দি শুভেচ্ছা জনাও।
বিজেপি চৰকাৰে ৰাতিপুৱা গুড মৰ্ৰনিঙৰ বিপৰীতে মূল্যবৃদ্ধিৰে শুভেচ্ছা জনাই।
১১ মে’ তাৰিখে অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় মুকলি কৰা হ’ব।
এই অনুষ্ঠানত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদকে অংশগ্ৰহণ কৰিব৷
জয়ানগৰত হ’ব অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয়৷
কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান৷
এহাজাৰ লোকে সেইদিনা তৃণমূল কংগ্ৰেছত যোগদান কৰিব৷

Back To Top