skip to Main Content

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ


মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ।নামঘৰৰ উপিৰিও নিৰ্মাণ কৰা হ’ব কামাখ্যা দেৱীৰে মন্দিৰ। মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাৰজাত অঞ্চলত মুম্বাইস্থিত অসমীয়া সমাজে নিৰ্মাণ কৰিব এই নামঘৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা এই নামঘৰটোৰ নামাকৰণ কৰা হৈছে ‘শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক সামাজিক কেন্দ্ৰ’ হিচাপে। আনহাতে এই একেটা অঞ্চলতে নিৰ্মাণ কৰা হ’ব আন এটা নামঘৰ।মুম্বাইৰ প্ৰবাসী অসমীয়াসকলৰ উদ্যোগত নিৰ্মাণকৰিবলৈ লোৱা এই নামঘৰটোৰ বাবে অসম চৰকাৰে অৰ্থনৈতিক সাহায্যৰ লগতে সকলোধৰণে সহযোগিতা আগবঢ়াব বুলি শিলান্যাস অনুষ্ঠানত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।আনহাতে এই নামঘৰটোৰ সমীপতে নিৰ্মাণ কৰা হ’ব কামাখ্যা মন্দিৰো।

Back To Top