skip to Main Content

মাইক্ৰ’ছফ্টৰ ডাঙৰ ঘোষণা

  • Tech

মাইক্ৰ’ছফ্টৰ ডাঙৰ ঘোষণা। ছচিয়েল নেটৱৰ্কিং এপ লিক্ডইন ৰ লোকেল ভাৰ্ছন বন্ধ কৰিব চীনত। উল্লেখযোগ্য যে লিংকডইন আমেৰিকাৰ পৰা পৰিচালিত হোৱা অন্তিম মুখ্য ছচিয়েল নেটৱৰ্ক প্লেটফৰ্ম যিটো এতিয়াও চীনত চলি আছে।মাইক্ৰ’ছফ্ট এ বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁলোকে চীনত নিজৰ ছচিয়েল নেটৱৰ্কিং এপ লিক্ডইন ৰ লোকেল ভাৰ্ছন বন্ধ কৰিব।মাইক্ৰ’ছফ্টে কয় যে তেওঁলোকে চীনত কাম–কাজক লৈ প্ৰত্যাহ্বানমূলক পৰিস্থিতি আৰু কঠোৰ নিয়মৰ পালনৰ চৰ্তৰ বাবে লিংকডইন বন্ধ কৰিব লৈছে। অৱশ্যে লিংকডইনে এয়াও কয় যে তেওঁলোকে ইয়াৰ সলনি চীনত জব ছাৰ্চৰ ৱেবছাইট মুকলি কৰিব, য’ত লিংকডইনৰ ছচিয়েল নেটৱৰ্কৰ ফিচাৰ নাথাকিব।

Back To Top