skip to Main Content

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত


মুখ্যমন্ত্ৰীৰ সভাপতিত্বত আজি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।নম্বৰ১-এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ দুই মিনিট সময়ৰ বাবেহে অন্যান্য বাহন ৰখাই থ’ব পাৰিব,নম্বৰ২-মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰীত থাকিব কেৱল ৬খন বাহন আৰু গুৱাহাটীৰ বাহিৰত থাকিব ১২খন বাহন,নম্বৰ৩-সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু কোনো আৰু চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব,অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ বিষয়টো পৃথক,নম্বৰ৪-জিলা পয্যায়ত মন্ত্ৰীসকলে সম্বৰ্ধনাৰ নামত কেৱল গছপুলি ৰোপণ কৰিব,নম্বৰ৫-বাজেট বৰ্হিভূত কোনো আচঁনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব,নম্বৰ৬-তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন,নম্বৰ৭-প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উৎযাপন,নম্বৰ৮-১০ মাৰ্চৰ পূৰ্বে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ,নম্বৰ৯-১৪মাৰ্চৰ পৰা বাজেট অধিবেশনৰ বাবে ৰাজ্যপালক অনুৰোধ।

Back To Top