skip to Main Content

১২ ঘণ্টা গীত-কবিতা পৰিবেশন কৰি অসম বুকছ অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিলে ভাৰতজ্যোতি বৰঠাকুৰে


প্ৰখৰ স্মৃতি শক্তিৰ জৰিয়তে অসম কৃষি সঞ্চালকালয়ৰ উপ-সঞ্চালক ভাৰতজ্যোতি বৰঠাকুৰে অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে। যোৱা ১৯ ফেব্ৰুৱাৰীত মহানগৰীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত ১২ ঘণ্টা গীত পৰিবেশন আৰু কবিতা আবৃত্তি কৰাৰ লগতে দুটা গীত ওলোটাকৈ পৰিবেশন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম বুক অৱ ৰেকৰ্ডছে আয়োজন কৰা বঁটা বিতৰণী অনুষ্ঠানত ভাৰতজ্যোতি বৰঠাকুৰক সম্বৰ্ধনা জনায়।

Back To Top