In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
Assam DGP Bhaskar Jyoti Mahanta’s facebook post regarding his meeting with senior government officials
Full Text of Assam DGP Bhaskar Jyoti Mahanta’s facebook post regarding his meeting with senior government officials
আজি মোৰ কাৰ্যালয় কক্ষত দুগৰাকী জ্যেষ্ঠ আইএএছ বিষয়া,ক্ৰমে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া আৰু গৃহ বিভাগৰো দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা ডাঙৰীয়াৰ সৈতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হওঁ।
যিকোনো মূল্যৰ বিনিময়ত ৰাজ্যবাসীক মহামাৰী কোভিদ-১৯ৰ পৰা ৰক্ষা কৰিবই লাগিব,কোৰোনা ভাইৰাছৰ শৃংখল ছিঙিবই লাগিব আৰু প্ৰশাসন যন্ত্ৰক সঠিক দিশত আগুৱাই নি তথা চৰকাৰৰ নীতি-নিৰ্দেশনাৰ সফল ৰূপায়ণ কৰি এখন সুস্থিৰ আৰু সমৃদ্ধিশালী অসম গঢ়িবই লাগিব। এইক্ষেত্ৰত এই মহামাৰী প্ৰতিহত কৰাত মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সুদৃঢ় প্ৰচেষ্টা আৰু অসমবাসীৰ সৰ্বাংগীণ সদিচ্ছা সফল কৰিবলৈ আমি কাম কৰি যাম অহৰহ ৷