The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
GMCH ত উপস্থিত যুৱ সাংসদ গৌৰৱ গগৈ।
GMCH ত উপস্থিত যুৱ সাংসদ গৌৰৱ গগৈ। অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ মঙ্গলবাৰে GMCH ত হাজিৰ হয় গৌৰৱ।
পিতৃ তৰুণ গগৈৰ পৰামৰ্শ অনুসৰি গৌৰৱ গগৈয়ে অখিলক সাক্ষাৎ কৰা বুলি কয়।
গগৈয়ে কয়, “মোৰ পিতৃৰ পৰামৰ্শ মতেই অখিলক সাক্ষাৎ কৰিলো। ৰাজনৈতিক মতানৈক্য থাকিলেও তেওঁৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল।” অখিলক সাক্ষাৎ কৰি আহি এইদৰে কয় গৌৰবে।
ইপিনে, “অখিল গগৈৰ স্বাস্থ্য ভাল দেখিছোঁ” বুলি উল্লেখ কৰি তেওঁ কয়, “তেওঁৰ মুখত হাঁহি আছে। তেওঁ পৰিয়ালৰ খৱৰ ল’বলৈ চেষ্টা কৰিছোঁ। আমি চিন্তা কৰি আছো। ৰাজনৈতিক চিন্তা বেলেগ হব পাৰে কিন্তু ব্যক্তিগত কথা বেলেগ।”
ৰাজনৈতিক ষড়যন্ত্ৰ কৰি একো যুক্তি নোহোৱাকৈ তেওঁক জেলত সুমুৱাই থৈছে বুলি গুৰুতৰ অভিযোগ তোলে গগৈয়ে।