Assam man beheaded a 55-year-old and then, walked for 25 km in the dead of…
Indian Express ৰ চাঞ্চল্যকৰ প্ৰতিবেদন, লকডাউনে কাঢ়ি নিলে শিশুৰ সোণোৱালী শৈশৱ
দেশজুৰি চলা লকডাউনৰ সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পালে শিশু সৰবৰাহৰ ঘটনা।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কেন্দ্রীয় চৰকাৰে যােৱা মাৰ্চৰ অন্তিমভাগত দেশজুৰি তলাবন্ধ ঘােষণা কৰিছিল । ৰাষ্ট্ৰীয় সংবাদপত্র ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ অনুসন্ধানমূলক এক প্রতিবেদনত প্রকাশ পােৱা তথ্য অনুসৰি তলাবন্ধৰ সময়ছােৱাত বহু লােকে কর্মসংস্থাপন হেৰুৱাইছিল আৰু বহু পৰিয়াল চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল ।
ইয়াৰ ফলত ভাৰতত শিশু সৰবৰাহৰ ঘটনা যথেষ্ট বৃদ্ধি পায় বুলি সংবাদপত্ৰখনে প্রকাশ কৰিছে । তলাবন্ধৰ সময়ত শিশুক বেআইনী কাম-কাজত নিয়ােগ কৰা আৰু কম বয়সতে বিবাহ সম্পন্ন কৰাৰ ঘটনা সংঘটিত হৈছিল বুলি সংবাদপত্ৰখনে প্রস্তুত কৰা প্রতিবেদনত উল্লেখ কৰিছে ।
মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে আৰম্ভ কৰা চাইল্ড হেল্পলাইন নম্বৰ ১০৯৮ লৈ এই সময়ছােৱাত ২৭ লাখ ফোনকল আহিছিল । এই ফোন লাভ কৰি কর্মীসকলে এক লাখ ৯২ হেজাৰ ফোনকলৰ ক্ষেত্ৰত প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ৰ বিষয়াই লাভ কৰা তথ্য অনুসৰি যােৱা পাঁচ মাহত দেশত ১০ হেজাৰ বাল্য বিবাহ সম্পন্ন হােৱাৰ তথ্য পােৱা গৈছিল ।
মন্ত্রণালয় সূত্রই তলাবন্ধত দেশত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পােৱাৰ কথা প্রকাশ কৰি কয়, ‘শিশু আৰু যুৱ প্রজন্ম সহজে অপৰাধীৰ জালত পৰে । এবাৰ সৰবৰাহৰ বলি হ’লে সেই ব্যক্তি নানা ধৰণৰ অন্যায়ৰ ভুক্তভােগী হয় । বহুতকে যৌন ব্যৱসায়ত জড়িত কৰােৱা হয়। আন বহুতকে আকৌ ভিক্ষা বৃত্তিত ব্যৱহাৰ কৰা হয় । একাংশক বলপূর্বক বিবাহাে সম্পন্ন কৰি দিয়া হয় ।
চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেচনৰ কর্মীয়ে সৰবৰাহ হােৱা এনে বহু শিশুক তলাবন্ধৰ সময়ছােৱাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তলাবন্ধত ৰাজস্থানত তিনিখন বাছৰ পৰা এইদৰে সৰবৰাহ চক্ৰৰ হাতৰ পৰা ১০টা শিশুক চাইল্ডলাইনে উদ্ধাৰ কৰিছিল । তলাবন্ধৰ সময়ত শিশুৰ অবৈধ সৰবৰাহ বৃদ্ধি পােৱাৰ অন্যতম এক কাৰণ আছিল এই সময়ছােৱাত বাটপথত মানুহৰ সংখ্যা তেনেই নগণ্য আছিল আৰু সেয়েহে সৰবৰাহকাৰী চক্রই সহজে শিশুক জালত পেলাবলৈ সফল হৈছিল ।
জনসমাগম তেনেই সীমিত হােৱা হেতুকে তলাবন্ধৰ সুযােগ লৈ সৰবৰাহকাৰী চক্রই শিশুক এখন ঠাইৰ পৰা আন ঠাইলৈ নানা প্রলােভনৰে সৰবৰাহ কৰাৰ লগতে বাল্য বিবাহৰ দৰে ঘটনাও সংঘটিত কৰিছিল । মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে ইতিমধ্যে দেশত শিশুৰ সৰবৰাহ ৰােধ বাবে ৰাজ্য চৰকাৰসমূহক কঠোৰ সতর্কতামূলক ব্যৱস্থা ল’বলৈ নির্দেশ দিছে ।
তলাবন্ধৰ পাছত এতিয়া দেশৰ বিভিন্ন উদ্যোগ আৰু কল-কাৰখানাসমূহ পুনৰ মুকলি কৰা হৈছে আৰু বৰ্তমানৰ সময়ত এনেবােৰ উদ্যোগত সস্তীয়া শ্ৰমিকৰ প্ৰয়ােজন হৈছে । এই দিশলৈ চাই উদ্যোগ আৰু কল-কাৰখানাই শিশু শ্রমিক নিয়ােগ কৰাৰ যথেষ্ট শংকা আছে । সেয়েহে আগন্তুক সময়ত দেশত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পাব পাৰে বুলিও চাইল্ডলাইন ইণ্ডিয়াই শংকা প্রকাশ কৰিছে ।