Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
NRC : উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জমিয়েত উলেমাৰ
NRC ৰ পৰা ১০ হেজাৰ অযোগ্য বিবেচিত লোকৰ নাম কৰ্তনৰ নিৰ্দেশ দিছিল এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই। যোৱা ১৩ অক্টোবৰত ৰাজ্যিক সমন্বয়কগৰাকীয়ে জিলা উপায়ুক্ত আৰু জিলা পঞ্জীয়কসকললৈ প্ৰেৰণ কৰিছিল এই নিৰ্দেশ। সমন্বয়ক হিতেশ দেৱশৰ্মাৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জমিয়ত উলেমা হিন্দ। জমিয়তৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সম্পন্ন হোৱা এনআৰচিক অৱজ্ঞা কৰিব বিচাৰিছে ৰাজ্যিক সমন্বয়কগৰাকীয়ে। জমিয়তৰ মুৰব্বী মৌলানা আৰ্ছাদ মাদানীয়ে বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে এনআৰচিৰ খচৰা প্ৰস্তুতৰ সময়তো সাম্প্ৰদায়িক শক্তিয়ে পৰিস্থিতি জটিল কৰিব বিচাৰিছিল। কিন্তু তেওঁলোক সফল হোৱা নাই। এতিয়া পুনৰ এই নিৰ্দেশৰ জৰিয়তে বিভাজন আনিব বিচাৰিছে।