The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
NRC ৰ পৰা নাম কৰ্তন হ’ব ১০ হাজাৰ লোকৰ
NRC ত অবৈধভাৱে নাম অন্তৰ্ভুক্ত হোৱা ১০ হেজাৰ লোকৰ নাম কৰ্তনৰ নিৰ্দেশ দিছে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই। ইতিমধ্যে ৰাজ্যৰ সকলো জিলা উপায়ুক্তলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যিক সমন্বয়কগৰাকীয়ে। চূড়ান্ত এনআৰচিত একাংশ বিদেশী ঘোষিত ব্যক্তি, ডি-ভোটাৰ আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰ লগতে তেওঁলোকৰ সতি-সন্ততিৰ নামো অন্তৰ্ভুক্ত হৈছে। এই লোকসকলৰ পৰিচয় উদ্ধাৰ কৰি নাগৰিকত্ব আইন ২০০৩ৰ অনুসূচী ৪ (৬) অনুসৰি তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত বিদেশীৰ নামৰ বিতং তালিকা দাখিলৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁলোকৰ নাম কিয় অন্তৰ্ভুক্ত কৰা নহ’ব, এই তথ্য দাঙি ধৰিবলৈও উপায়ুক্তসকলক নিৰ্দেশ দিছে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই। উল্লেখ্য যে বিগত বৰ্ষৰ ৩১ আগষ্টতে এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল। কিন্তু ভাৰতৰ মহাপঞ্জীয়কে এতিয়ালৈকে অধিসূচনাযোগে স্বীকৃতি প্ৰদান কৰা নাই। দেশজুৰি কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে বিগত কেইবামাহ ধৰি স্থবিৰ হৈ আছিল এনআৰচিৰ কাম। ৰাজ্যিক সমন্বয়কগৰাকীৰ শেহতীয়া নিৰ্দেশে এনআৰচি সম্পৰ্কীয় ব্যস্ততা পুনৰ বৃদ্ধি কৰিব। এই নিৰ্দেশৰ পিছত চূড়ান্ত এনআৰচিৰ পৰা ১০ হেজাৰ অবৈধ লোকৰ নাম কৰ্তন হ’ব।