skip to Main Content

Republic TV ৰ ভূৱা TRP

Republic TV ৰ ভূৱা TRP –

Republic TV য়ে কিছুদিন আগতে সদৰী কৰিছিল যে সকলো চেনেলৰ ভিতৰত তেওঁলোকৰ TRP সবাতোকৈ বেছি। আজি মুম্বাই পুলিচৰ অভিযোগ মতে Republic TV ৰ TRP ভূৱা। ইয়াৰ লগতে আন দুটা চেনেলৰ ভূৱা TRP বুলি অভিযোগ কৰিছে মুম্বাই আৰক্ষীয়ে। TRP মেনেজ কৰাৰ অভিযোগ উঠিছে এই তিনি চেনেলৰ। ইতিমধ্যে দুই চেনেলৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰাৰ লগতে Republic TV ৰ বেংক একাউন্ট পৰীক্ষা কৰা হ’ব। Republic TV ৰ মূখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে সদৰী কৰে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত মুম্বাই আৰক্ষীক তেওঁ পদক্ষেপ ল’বলৈ আহ্বান জনোৱাৰ বাবেই মুম্বাই আৰক্ষীয়ে তেওঁৰ চেনেলৰ ওপৰত মিছা অভিযোগ তুলিছে।

Back To Top