Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
SI কেলেংকাৰিৰ লগত জড়িত সকলো দোষী আহিব তদন্তৰ আওতালৈ
আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি পৰীক্ষা কেলেংকাৰিৰ অন্যতম খলনায়ক পি কে দত্তৰ গ্রেপ্তাৰক লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রতিক্রিয়া প্রকাশ কৰিছে৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– এই কেলেংকাৰিৰ লগত জড়িত সকলো দোষী আহিব তদন্তৰ আওতালৈ৷ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– আৰম্ভণিৰ পৰা মই এটা কথা কৈ আহিছোঁ, অসম আৰক্ষীৰ ওপৰত সকলোৱে বিশ্বাস ৰাখক৷ তেওঁলোকে নিষ্ঠা আৰু দায়বদ্ধতাৰে তদন্ত চলাই আহিছে৷ আগন্তুক দিনত এই তদন্ত আৰক্ষীয়ে নিষ্ঠাৰে সম্পন্ন কৰিব৷ এইক্ষেত্রত সকলোকে সহযোগিতাৰ আহ্বান জনায় মুখ্যমন্ত্রীয়ে৷