The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
SI কেলেংকাৰী, DGP কাৰ্যালয়ত উপস্থিত পলাতক সঞ্জিত কৃষ্ণ
এছআই কেলেংকাৰীৰ অন্যতম অভিযুক্ত কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰৰ বাবে গৃহ বিভাগে সেউজ সংকেত প্ৰদান কৰাৰ পিছতে ডিজিপি কাৰ্যালয়ত উপস্থিত হ’ল কেলেংকাৰীৰ খলনায়কজন। আজি দুপৰীয়া উলুবাৰীস্থিত ডিজিপি কাৰ্যালয়ত কুমাৰ সঞ্জিত কৃষ্ণ উপস্থিত হয়।
উল্লেখ্য যে, মঙলবাৰৰ পৰা পলাতক হৈ আছিল কুমাৰ সঞ্জিত কৃষ্ণ। ইফালে চিআইডিয়ে বুধবাৰে সঞ্জিত কৃষ্ণৰ উলুবাৰীস্থিত বাসগৃহতো অভিযান চলাইছিল। অভিযুক্তজনক গ্ৰেপ্তাৰৰ বাবে চিআইডিয়ে চলাথ কৰি থকাৰ সময়তে আজি ডিজিপি কাৰ্যালয়ত উপস্থিত হোৱাকলৈও ৰহস্যৰ সৃষ্টি হৈছে।