The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
SI পদৰ শাৰীৰিক পৰীক্ষা বাতিল।
ৰাজ্যৰ অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে শেহতীয়াকৈ সংঘটিত হোৱা অসম আৰক্ষী উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বাবে দায়ী কনচৰটিয়ামৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছে ।
প্ৰশ্নকাকত ফাদিল’ৰ তদন্ত’ত কনচৰটিয়ামৰ সৈতে জড়িত কিছু ব্যক্তিৰ নাম বাহিৰলৈ অহা বাবেই এই সিদ্ধান্ত লোৱা হৈছে । নিযুক্তি বৰ্ডে জানিবলৈ দিয়া অনুসৰি অসম আৰক্ষীৰ সশস্ত্ৰ আৰু অস্ত্ৰহীন শাখাৰ বাবে হৈ থকা শাৰীৰিক পৰীক্ষা সমূহ তদুপৰি শাৰীৰিক ভাবে বাধাগ্ৰস্ত সকলৰ মৌখিক পৰীক্ষা ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ।
এই সম্পৰ্কে নতুন তাৰিখ শীঘ্ৰেই ঘোষণা কৰা হব বুলি জানিবলৈ দিছে নিযুক্তি বৰ্ডে । এই নিযুক্তি সম্পূৰ্ণ নিকা পদ্ধতিত হব বুলিও আশ্বাস প্ৰদান কৰা হৈছে ।