Skip to content


অসমৰ চাহৰ সোৱাদত মুগ্ধ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ।সোৱাদ লৈ অসমৰ চাহক ‘অসমৰ গোন্ধ’ বুলিও মন্তব্য কৰে ৰে’লমন্ত্ৰীগৰাকীয়ে।মঙলবাৰে নিশা গুৱাহাটীৰ ৰে’লৱে ষ্টেচনত উপস্থিত হৈ পৰিদৰ্শন কৰে ৰে’ল ষ্টেচনটো ৰে’লমন্ত্ৰীগৰাকীয়ে।ষ্টেচনটোৰ পৰিষ্কাৰ আৰু সুৰক্ষিত সুবিধাসমূহ নিৰীক্ষণ কৰি তেওঁ সন্তুোষ প্ৰকাশ কৰাৰ লগতে ষ্টেচনটোৰ আন আন উন্নয়নৰ দিশসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।এই পৰিদৰ্শনত তেওঁক সংগ দিয়ে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে আন আন বিষয়ববীয়াসকলে।

Back To Top