skip to Main Content

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কামাণ্ডো বাহিনী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাত নামিল অত্যাধুনিক মৰাণাস্ত্ৰসহ কামাণ্ডো বাহিনী। গণৰাজ্য দিৱসৰ দিনাই কাজিৰঙাত গঁড় সুৰক্ষাৰ বাবে আজিৰে পৰা এক নতুন সংযোজন। ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় সুৰক্ষাৰ বাবে পূৰ্বে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী আদি নিয়োগ কৰা হৈছিল…

Read More

IIT গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু

আই আই টি গুৱাহাটীত ছাত্ৰৰ ৰহস্যজনক মৃত্যু। মৃত ছাত্ৰজনৰ নাম প্ৰশান্ত কুমাৰ আৰুখা। ছাত্ৰজনৰ ঘৰ উৰিষ্যাত। আই আই টি গুৱাহাটীৰ কপিলী হোষ্টেলত বিচনাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। মানৱ সম্পদ আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ছাত্ৰ আছিল আৰুখা। বৰ্তমান ঘটনাস্থলীত আমিনগাঁও আৰক্ষী…

Read More

অসম আৰক্ষীয়ে মুকলি কৰিলে দুটাকৈ হেল্পলাইন নম্বৰ

যিকোনো বিপদৰ সময়ত অসম আৰক্ষীক যোগাযোগৰ বাবে মুকলি কৰিলে দুটকৈ হেল্পলাইন নম্বৰ।যিকোনো বিপদত মহানগৰ আৰক্ষীক যোগাযোগ কৰিব পাৰিব।নম্বৰ দুটা হৈছে-60269-01246,60269-01247।যিকোনো জৰুৰীকালীন সময়ত তথা যিকোনো বিপদৰ সময়ত ফোন কৰিলে আপোনাৰ কাষত থিয় দিব মহানগৰ আৰক্ষী।

Read More

আজি ৭৩ সংখ্যক গণৰাজ্য দিৱস।

আজি ২৬ জানুৱাৰী,ক'ভিডসৃষ্ট পৰিবেশৰ মাজতে সকলোৱে খুব সুন্দৰভাৱে পালন কৰিছে ৭৩ সংখ্যক গণৰাজ্য দিৱস।আজিৰ দিনটোত সকলোৱে এটা মুকলি মন লৈ নিৰ্ভীকভাৱে ওলাই আহিছে,কিয়নো কোনো এটা দল সংগঠনে আজি বন্ধ ঘোষনা কৰা নাই।এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সকলোকে পতাকা…

Read More

ৰাজ্যৰ ভুৱা এনকাউন্টাৰৰ তথ্য নাই চৰকাৰৰ হাতত

ৰাজ্যৰ ভুৱা এনকাউন্টাৰৰ তথ্য নাই চৰকাৰৰ হাতত।উচ্চ নায়ালয়ত শপতনামা দাখিলত ব্যৰ্থ।১০দিনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল উচ্চ নায়ালয়ে।অতিৰিক্ত সময় বিচাৰি ৰাজ্য চৰকাৰৰ আবেদন নায়ালয়ত।

Read More

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

ফেব্ৰুৱাৰীৰ পৰা শিথিল হব কভিডৰ নতুন নিৰ্দেশনা। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। সেই অনুসৰি, অনুষ্টুপীয়াকৈ পালন কৰা হ'ব গণৰাজ্য দিৱস। পৰ্যায়ক্ৰমে ৰাজ্যৰ বিদ্যালয়সমূহো খোলাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Read More

বানমুক্ত অসম গঢ়াৰ দিশে বিজেপি চৰকাৰ

বানমুক্ত অসম গঢ়াৰ দিশে বিজেপি চৰকাৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিব জিয়াভৰলী নদীৰ খনন প্ৰক্ৰিয়া। পৰীক্ষা মূলকভাৱে জিয়াভৰলীতে প্ৰথম এই খনন কাৰ্য্য আৰম্ভ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বানপানী প্ৰতিৰোধত কিমান সহায়ক হব তাৰ বাবে অসমৰ চাৰিটা…

Read More

ক’ভিডত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ

ক'ভিডত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ।সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে সাংসদগৰাকীয়ে।বৰ্তমান হোম কোৰাইন্টাইনত আছে গৌৰৱ গগৈ।তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক'ভিড পৰীক্ষাৰ আহ্বান সাংসদগৰাকীৰ।

Read More

আকৌ নতুন SOP।কি কি আছে নতুন SOPত

কাইলৈৰ পৰা অসমত নতুন SOP।নতুন SOP অনুসৰি অষ্টম শ্ৰেণীলৈকে বন্ধ পাঠদান।নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ ৰোটেশ্যন ৱাইছ পাঠদান চলিব।ক'ভিডৰ দ্ৰুত সংক্ৰামণৰ বাবে দিয়া হৈছে এই নতুন SOP। সান্ধ্য-আইনৰ সময়সীমা ১০ৰ পৰা ৬টা লৈকে। বেলেগ একো সাল-সলনি কৰা নাই নতুন SOPত।

Read More

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান IPS হিৰেণ চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতি পুলিচ মেডেল বঁটা

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেণ চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতি বঁটা।১৩ গৰাকী আৰক্ষী কণিষ্ঠবললৈ আগবঢ়োৱা হৈছে পুলিচ মেডেল।৩০ গৰাকী IPS বিষয়াৰ ভিতৰত অসমৰ হিৰেণ চন্দ্ৰ নাথৰ নাম।

Read More
Back To Top