The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
অসম আৰক্ষীৰ বাবে ভাল খবৰ।
অসম আৰক্ষীৰ বাবে ভাল খবৰ। অসম আৰক্ষীৰ আইপিএছ বিষয়া শংকৰ ব্ৰত ৰায়মেধিলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা। এই বঁটা লাভ কৰা একমাত্ৰ অসমীয়া বিষয়া শংকৰব্ৰত ৰায়মেধি। ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰনালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক আছিল। বিশ্বত্ৰাস মৌলবাদী সংগঠনৰ বিৰুদ্ধে এনআইএৰ হৈ চলোৱা বিশেষ অভিযানৰ বাবে ৰায়মেধিলৈ এই সন্মান। বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত হৈ আছে ৰায়মেধি।