The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
আগন্তুক বিত্তীয় বৰ্ষৰ পৰা এম এছ পিৰ জৰিয়তে কৃষকে লাভ কৰিব প্ৰতি কুইণ্টল ধানত ১৯৪০ টকা
অসম বিধানসভাৰ শীতকালীন অধিৱেশৰ তৃতীয় দিনটোত কৃষি বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে। উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয়, এফ চি আই, এন চি চি এফ, কৃষি বিপণন পৰিষদে ৰাজ্যত উৎপাদিত ধান ক্ৰয় কৰিব ৷ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এম এছ পিৰ জৰিয়তে কৃষকে লাভ কৰিব প্ৰতি কুইণ্টল ধানত ১৯৪০ টকা। এই ব্যৱস্থাৰ ফলত কৃষকে প্ৰত্যক্ষভাৱে ধান বিক্ৰী কৰিব পাৰিব আৰু মধ্যভোগীৰ দপদপনি শেষ হ’ব।