skip to Main Content

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

  • Assam


আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। শংকৰদেৱৰ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত ‘গুৰু কীৰ্তন’ হিচাপে পালন কৰা হয়।এই উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ধৰ্মীয় পৰম্পৰাৰে কালিৰে পৰা আৰম্ভ হোৱা গুৰু কীৰ্তনৰ আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ, দুপৰীয়া প্ৰসংগ, আদি কাৰ্যসূচীৰ লগতে বিয়লি নাটঘৰত পৰম্পৰাগত ভোজন বেহাৰ ভাওনা গীত মাত গাই পৰম্পৰা ৰক্ষা কৰিব।

Back To Top