The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
আজি সুধাকণ্ঠ দশম মৃত্যু বাৰ্ষিকী।
২০১১ চনৰ ৫ নৱেম্বৰত ইহসংসাৰ ত্যাগ কৰা সুধাকণ্ঠৰ আজি দশম মৃত্যু বাৰ্ষিকী।ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে সুধাকাণ্ঠৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত আয়োজন কৰিছে স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠিন। ভাৰত ৰত্নগৰাকীৰ সমাধিক্ষেত্ৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান। আনহাতে সদৌ অসম ছাত্ৰ সন্থায়ো দিনজোৰা কাৰ্যসূচীৰে দীঘলীপুখুৰী পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুৱা ১০-৩০ বজাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াতেই সন্ধিয়া কৈলা ৰাভা আৰু তেওঁৰ সতীৰ্থসকলে ভূপেন হাজৰিকাৰ গীতৰ ‘ছেক্স’ফ’নৰ এটা সংগীতানুষ্ঠান পৰিবেশন কৰিব দীঘলীপুখুৰীপাৰত।ইফালে নিজৰাপাৰত থকা সুধাকণ্ঠৰ বাসগৃহত ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এক মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিছে। ড০ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু ড০ ভূপেন হাজৰিকা শাখা সাহিত্য সভাই যোথ ভাৱে জালুকবাৰীৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি আৰু গীত-কবিতাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে।এইদৰেই গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠন আদিয়ে।