The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।এই দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলো সংবাদমাধ্যমলৈ শুভেচ্ছা জ্ঞাপন কৰে।এই দিৱসত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সংবাদমাধ্যমৰ সত্যৰ নিৰন্তৰ অনুসৰণ আৰু নাগৰিকসকলক তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগ কৰাই সংবাদমাধ্যমে গণতন্ত্ৰক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে। আনহাতে কভিড-১৯ সময়ত জনসাধাৰণ সজাগ কৰাৰ লগতে সংবাদমাধ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰশংসনীয় বুলি সংবাদমাধ্যমৰ সলাগ লয়।প্ৰতিবছৰৰ ১৬ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতীয় সংবাদ মাধ্যমৰ দ্বাৰা প্ৰদান কৰা প্ৰতিবেদনৰ মানদণ্ড নিৰীক্ষণ কৰিবলৈ ১৯৬৬ চনৰ ১৬ নৱেম্বৰত ভাৰতীয় প্ৰেছ কাউন্সিল আৰম্ভ কৰা হৈছিল। ১৬ নৱেম্বৰৰ দিনটোক ভাৰতীয় প্ৰেছ কাউন্সিলক সন্মান প্ৰদানৰ অৰ্থে উদযাপন কৰা হয়।