skip to Main Content

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ কাৰ্যভাৰ গ্ৰহণ

  • Assam


এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ কাৰ্যভাৰ গ্ৰহণ।ভাৰতীয় সেনাৰ অতি সন্মানীয় তৃতীয় পদমৰ্য্যদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত ভাস্কৰ কলিতা। নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় “সেনা ভৱনত ” কাৰ্যনিৰ্বাহ কৰি আছিল ভাস্কৰ কলিতা। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) হিচাপে নিযুক্তি দিছে। আজি নবনিযুক্ত এ ডি জি মেজৰ জেনেৰেল ভাস্কৰ কলিতাই মেঘালয়ৰ শ্বিলঙত থকা এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতেই জেনেৰেল কলিতাক কাৰ্যালয়ৰ সেনা বিষয়া, প্ৰশিক্ষক বিষয়া, প্ৰশিক্ষক আৰু আন কৰ্মচাৰী সকলে উষ্ম আদৰণি জনায়।

Back To Top